মানৱদেহ সম্পৰ্কে জানিবলগীয়া কথা
মানৱদেহৰ কেইটিমান আভ্যন্তৰীণ অঙ্গৰ ক্ৰিয়া আৰু সেইবোৰ অঙ্গত কি কি ৰোগ হব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ল ।
মূৰ :- মূৰৰ খোলাৰ ভিতৰত এটা তিনি ভাজ তন্ত্তযুক্ত মোনাৰ আৱৰনৰ ভিতৰত থাকে । সেয়েহে তাত আঘাত লাগিলে , জীৱাণু সংক্ৰামন প্ৰভৃতিৰ কাৰনে মেনিনজাইটিচ্ ৰোগ হব পাৰে ।
মস্তিস্ক :- মস্তিস্কৰ স্নায়ুকেন্দ্ৰত অনুভূতি প্ৰদায়িনী যি নাৰ্ভ আছে তাৰ দ্বাৰা সমস্ত দেহৰ অনুভূতি মস্তিস্ক গৈ পায় আৰু তাৰ পৰা দেহৰ সকলোতে বিয়পাই দিয়ে ।
চকু :- আমাৰ দৰ্শন ইন্দ্ৰিয় চকুৰ মনিৰ পিছফালে স্বচ্ছ আইনাৰ দৰে পদাৰ্থৰ অস্বচ্ছতা আৰু কাঠিন্য বশত চকুত ছানি পৰে । ইয়াৰ উপৰিও কেৰিনাইটিচ , স্নায়ু অৰু পেশী বৈকল্য , বেকা দৃস্টি প্ৰভৃতি কঠিন কঠিন চকুৰ ৰোগ হয় ।
কাণ :- কাণৰ ভিতৰত স্বচ্ছ এখন পৰ্দা আছে । সেই পৰ্দা আৰু তিনিডাল সৰু হাড় স্নায়ুৰ সাহায্যত মস্তিস্কৰ শব্দ ধৰা পৰে । এই পৰ্দাখন বাহিৰৰ বা ভিতৰৰ ফালে বেকা হৈ গলে শব্দশুনাত বাধা আহি পৰে ।
নাক :- নাকৰ দুটা বিন্ধা থাকে । এই বিন্ধা দুটাৰ মাজত থকা শিৰ আৰু নাসিকা মুলৰ শিৰ ক্ষয়প্ৰাপ্ত হলে নাক বহি যায় । ইয়াকে বোলে নেজেল কেৰাচ্ । নাকৰ ভিতৰত শিৰা ফুলি উঠিলে নাসা ৰোগ হয় ।
মুখ আৰু ডিঙি :- জিভা দাতৰ আলু শ্বাসনলী মুখ টন্সিল খাদ্যনলী ওঠ আদি অঙ্গৰ যিকোনো ঠাইত বেমাৰ হব পাৰে
বুকু :- বুকুৰ ভিতৰৰ বাওফালে থাকে হৃদপিন্ড আৰু হৃদপিন্ডৰ দুয়োফালে থাকে হাওফাও ।
হাওফাও :- কামিহাড়ৰ ঠিক তলতে প্লুৰা বা প্লৰাৰ ভিতৰত হাওফাও থাকে ।
হৃদপিন্ড :- সমস্ত শৰীৰৰ পৰা শাৰীৰিক ক্ৰিয়াৰ ফলত দেহতন্তৰ ক্ষয়জনিত অশোধিত তেজ ভেইন বা সিৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰি শােধন কৰাৰ কাৰনে হাওফাওলৈ পঠোবা আৰু বিশুদ্ধ তেজ সিৰা পথেৰে সমস্ত দেহলৈ পঠাই দিয়া ।
পাকাশয় :- খাদ্য পৰিপাকৰ কাৰনে পাকাশয়ৰ গ্ৰন্হিৰ পৰা যি ৰস ওলায় তাক কোৱা হয় গেছট্ৰিক জুইচ ।
যকৃত :- দক্ষিন বক্ষৰ ওপৰ ফালে আৰু দক্ষিন হাওফাওৰ তলৰ ফালে অৱস্হিত বৃহত্তৰ গ্ৰন্হিৰ নাম যকৃত ।
ক্লোম :- উদৰৰ পিছফালে আৰু বক্ষোদৰ পেশীৰ তলত অৱস্হিত দীৰ্ঘ গ্ৰন্হিৰ নাম ক্লোম ।
প্লীহা :- উদৰ গহৰৰ বাওফালে কামিহাড়ৰ তলত প্লীহা নামৰ এক অতি বৃহৎ গ্ৰন্হি আছে ।
অন্ত্র :- অন্ত্রৰ সীমা পাকাশয়ৰ পৰা মলদ্বাৰলৈকে ।
মুত্ৰ গ্ৰন্হি বা কিডনি :- পেটৰ ওপৰত কাপোৰ পিন্ধা স্হানৰ সমান্তৰালকৈ মেৰুদন্ডৰ দুয়োফালে দুটা মূত্ৰ গ্ৰন্হি বা কিডনি থাকে ।
হাত আৰু ভৰি :- হৃদপিন্ডৰ ৰােগজনিত কাৰনত হাত ভৰিত বাত পক্ষাঘাত আদি ৰোগ হব পাৰে ॥


0 Comments