তুলসী গছ আৰু তাৰ গুনাগুণ

 তুলসী 

তুলসীৰ অন্তত ২৬ ধৰনৰ গুন আছে বুলি আয়ুৰ্বেদিক শাস্ত্ৰত বৰ্ণিত আছে । তুলসী পাত খোৱাৰ কাৰনে তেনেq কোনো ধৰনৰ নিয়ম নাই । যেতিয়া ইচ্ছা তেতিয়াই তুলসী পাত চোৱাই খাঁওক , কোনো নহয় কোনো ৰোগৰ সুফল পাব । বিশেষকৈ হাৰ্টৰ ৰােগৰ । 



দৈনন্দিন জীৱনত তুলসীৰ ব্যৱহাৰ     

       কাতি মাহত প্ৰতিদিন চাৰি / পাচটা তুলসীপাত খালী পেটে চোবাই খালে , গোটেই বছৰৰ কাৰনে ৰোগ হোৱাৰ সম্ভাবনা নাথাকে । ইয়াৰ কাৰন হল কাতি মাহৰ বতৰত তুলসীপাতে সকলো সময়তে দেহক নিৰোগী কৰি ৰাখে । 

       তুলসী পাতে দেহক এক আধ্যাত্মিক ভাব জগায় , মনত একাগ্ৰতা আনে । তুলসী গছৰ ওচৰত বহিলে বা থিয় হলেও মানসিক একাগ্ৰতা বৃদ্ধি পায় । 

        তুলসী পাত খোৱা বস্ত্তৰ ওপৰত ৰাখি দিলে খাদ্য বস্ত্তত কোনো দূষিত বায়ুৰ প্ৰভাব নপৰে । সেয়ে সূৰ্যগ্ৰহন আৰু চন্দ্ৰ গ্ৰহনৰ সময়ত খোৱা বস্ত্ত তথা খোৱা পানীৰ ওপৰত তুলসীপাত দিয়া হয় । 

 

          তুলসী গছক আধ্যাত্মিক শক্তিৰ প্ৰতীক বুলি কোৱা হয় । তুলসী তলত চাকি দিলে আৰু তুলসী গছক প্ৰদক্ষিন কৰিলে মানসিক শান্তি পােৱা যায় । 

           তুলসীৰ গন্ধত ৰক্তবিকাশ ৰােগ নহয় । 

         তুলসীৰ পাত যদি স্নানৰ কিছু আগতে স্নানকৰা পানীত ৰাখি থৈ সেই পানীৰে স্নানকৰা হয় , তেনে হলে চৰ্মৰোগ হোৱাৰ কোনো ভয় নাথাকে । 


         খোৱা পানীৰ পাত্ৰত তলসীপাত ৰাখি সেই পানী পান কৰিলে পেটৰ ৰােগ হোৱাৰ সম্ভাবনা নাথাকে । 

          তুলসীৰ মালা ডিঙিত পিন্ধিলে শৰীৰ আৰু মন সুস্হ থাকে । 

       তুলসীয়ে কাম শক্তিক নিয়ন্ত্ৰণ ৰাখে । ই কাম শক্তিক যেনেদৰে বাঢ়ায় তেনেদৰে তাক সংযত কৰিও ৰাখে । 

       তুলসীপাত চোবাই খালে দাত মজবুত থাকে । দাত পোকে নাখায় । 

       তেল, চাবোন , ক্ৰীম ইত্যাদি নকৰি তুলসীপাতৰ ৰস দেহত ঘহিলে দেহৰ উজ্জ্বলতা বাঢ়ে , হাড় টান হয় , দেহ নিৰোগী হয় । 


বিভিন্ন ৰোগত তুলসীৰ ব্যৱহাৰ 

চকু উঠা :- ঠান্ডা বা গৰমত ঘূৰিলে , অতিৰিক্ত ঠান্ডা বা গৰমত চকু উঠে । এই ৰােগটো সংক্ৰামক । এজনৰ হলে পৰিয়ালৰ সকলোৰে হয় । সেই সময়ত তুলসী পাতৰ ৰস কাজলৰ দৰে চকুত লগালে বা মৌ মিহলাই চকুত লগালে চকু উঠা আৰু চকুৰো পানি পৰা বন্ধ হয়

 । 

অধিক ৰজ:স্ৰাবত :- কোনো কোনো মহিলাৰ ১৪/১৫ দিনৰ অন্তৰত মাহেকীয়া হয় , যিটো ২৮ দিনৰ অন্তৰত এবাৰ হব লাগে । এই ক্ষেত্ৰত যদি তুলসী গছৰ মূল চূৰ্ণ কৰি সাধাৰন পান বা মিঠা পাণৰ সৈতে তাৰ আধা চামুচ মিহলাই কেইমাহমান খালে ৰজ:স্ৰাব স্বাভাৱিক হয় । 

দাতৰ বিষ :- দাত যদি খুব বিষায় , তেতিয়া হলে তুলসী পাতৰ সৈতে জালুক মিহলাই বাটি লৈ তাৰে বড়ি তৈয়াৰ কৰি সেই বড়ি দাতৰ বিষ হোৱা ঠাইত ছাপ দি বহুৱাই দিলে দাতৰ বিষ কমি যায় । 

দাতৰ পোক :- তুলসী পাতৰ ৰসৰ সৈতে কৰ্পূৰ মিহলাই তাত তিয়াই লৈ দাতৰ গুৰিত লগালে দাতৰ পোক মৰে । 

মুখৰ দুৰ্গন্ধ :- যি সকলৰ মুখৰ দুৰ্গন্ধ হয় , দাত পোকে খায় , তেওঁলোকে যদি খোৱাৰ পিছত দুই /চাৰিটা তুলসী পাত চােবাই খায় , তেনেহলে মুখৰ দুৰ্গন্ধ দূৰ হয় , দাত পোকে নাখায় । 

তপা হোৱা :- এইটো এক ভয়ানক ৰোগ । তেজৰ দোষ আদি বিভিন্ন কাৰনত এই ৰোগ হব পাৰে । তুলসী পাত আৰু পিপলিৰ কলি একেলগে বটি তপা হোৱা ঠাইত দিলে তপা ভাল হয় । 


মুখৰ দুৰ্গন্ধ :- যি সকলৰ মুখৰ দুৰ্গন্ধ হয় , দাত পোকে খায় , তেওলোকে যদি খোৱাৰ পিছত দুই / চাৰিটা তুলসী পাত চোৱাই খায় , তেনেহলে মুখৰ দুৰ্গন্ধ দূৰ হয়, দাত পোকে নাখায় । 


কুকুৰীকণা :- দুঘন্টাৰ অন্তৰে অন্তৰে তুলসী পাতৰ ৰস খালে আৰু দুটোপকৈ ৰস ৰাতিপুৱা আৰু সন্ধা চকুত দিলে কুকুৰীকণা ভাল হয় । এই ৰস অন্তত: এমাহ ব্যৱহাৰ কৰিব লাগে । 


কাণেৰে কম শুনা :- কাণেৰে কম শুনিলে তুলসীপাতৰ ৰস সামান্য গৰম কৰি কাণৰ ভিতৰত ৰাতিপুৱা আৰু সন্ধা কেইফটামানকৈ দিলে শ্ৰবন শক্তি ঘূৰি আহে । 


স্বপ্নদোষত :- শুই থাকোতে যুবক সকলৰ যি বীৰ্যপাত হয় তাকে স্বপ্নদোষ বোলে । এই ক্ষেত্ৰত তুলসীৰ মূল বটি খালে স্বপ্নদোষ ৰোগ নিৰাময় হয় । 


শীঘ্ৰে বীৰ্য পতন :- বিভিন্ন কাৰনত বীৰ্যত নানা ধৰনৰ দোষে দেখা দিয়ে , যাৰ ফলত ৰাতি মিলনৰ সময়ত অতি সোনকালে বীৰ্যপাত ঘটে । এনে ক্ষেত্ৰত তুলসী গছৰ মূল টুকুৰাকৈ কাটি সেই টুকুৰা তামোলৰ পৰিবৰ্তে পাণৰ সৈতে চোৱাই খালে এই ৰোগ ভাল হয় । 


Post a Comment

0 Comments