পিয়াজৰ প্ৰয়োজনীয়তা কি কি ?

পিয়াজৰ প্ৰয়োজনীয়তা কি কি ?  

পিয়াজে Allium cepa আমাৰ বিভিন্ন ৰোগৰ সহায় কৰে । 



কোন ৰোগত কেনেকৈ খাব :- 

# কানৰ পুঁজ :- পিয়াজ আৰু নহৰুৰ ৰস মিহলাই সামান্য গৰম কৰি ২/১ টোপা কৈ ৩/৪ দিন কাণত দিলে কাণৰ পূজ পৰা বন্ধ হয় । 

# হেকেটি :- দুই চামুচ পিয়াজৰ ৰস ৪ চামুচ পানীত মিহলাই কিছু সময় ৰাখি ৩/৪ বাৰ খালে হেকেটি উঠা বন্ধ হয় । 

অৰ্শ ৰোগ :- অৰ্শ ৰোগত যি ৰক্ত পৰে সেয়া বন্ধ কৰিবলৈ এক চামুচ ঠান্ডা পানীত এক চামুচ পিয়াজৰ ৰস মিহলাই ৰাতিপুৱা আৰু ৰাতি সাত দিন খালে অৰ্শৰ ৰক্ত পৰা বন্ধ হয় । 

বমি :- বমি হৈ থাকিলে ৫/৬ টোপা পিয়াজৰ ৰস ২ চামুচ পানীৰ লগত মিহলাই তিনিবাৰ মান খুৱালে বমি বন্ধ হয় । 

নাকেৰে তেজ ওলালে :- ৫/৬ টোপা পিয়াজৰ ৰস নাকেৰে উজাই দিলে নাকেৰে তেজ ওলোৱা বন্ধ হয় । 

পানীলগা :- পানীলগা অসুখ হলে নাকেৰে যেতিয়া পানী পৰিবলৈ আৰম্ভ কৰিব, সেই সময়ত ২ চামুচ পিয়াজৰ ৰস খোৱাৰ পিছত পানীৰ সৈতে মিহলাই খালে পানীলগা অসুখ নিৰাময় হয় । 

Post a Comment

0 Comments