মানুহে দৈনন্দিন জীৱনত খাদ্য তালিকাৰ বহুত খোদ্য খাই কিন্তু এক দৃস্টিত কি খোৱা ভাল আৰু কি খোৱা বেয়া তাৰ বিষয়ে তলত আলোচনা কৰা হ'ল -
অতিৰিক্ত লোণ দেহৰ শত্ৰু :- মানুহে কথাতে কয় বোলে নিমখ ভাত খিনি মিলিলেই হয় । দুখীয়া মানুহে নিমখ ভাত পালেই তৃপ্ত হয় । কিন্তু এটা কথা বেছি লোণ ব্যৱহাৰ কৰিলে শৰীৰৰ টিচুবোৰৰ মাৰাত্নক ক্ষতি হয় । পাতত কেচা লোণ খোৱা ভাল নহয় । উচ্চ ৰক্তচাপৰ ৰোগীৰ লোণ খোৱাই অনুচিত ।
চেনিৰ গুন পোৱা নাযায় :- চেনি আমাৰ আৰু এক শত্ৰু । ব্ৰাউন চুগাৰৰ দৰে তাৰ প্ৰক্ৰিয়া । বেছি চেনি খালে ভিটামিন 'বি'ৰ অভাব হয় । তাৰ ফলত হৃদৰােগ , স্মৃতিশক্তি হ্ৰাস , শিশুৰ পানীলগা কাহ, ক্ৰিমি হয় ।
অম্লফল আৱশ্যকীয় ফল :- অম্ল শৰীৰৰ কাৰনে প্ৰয়োজন , পিছে সকলো অম্লই উপকাৰী নহয় । এই অম্ল আছে সকলো ধৰনৰ নেমুজাতীয় ফল , আঙুৰ , নাচপাতি , আপেল আৰু বিলাহী । এই খালে অৰ্শ , শাও পৰা , ঘা পচড়া , পানীলগা কাহ আদি দূৰ হয় ।
কোন খাদ্য কেন্সাৰ প্ৰতিৰোধক :- দীৰ্ঘদিন ধৰি ১৮ টা জাতি গোস্ঠীৰ ওপৰত ২০০ বাৰ পৰীক্ষা কৰি গৱেষক সকলে দেখিছে যে , যিবোৰ মানুহে বেচি পৰিমানে ফল আৰু শাক পাচলি খায় তেওলোকৰ কেন্সাৰ হোৱাৰ সম্ভাবনা কম । কেন্সাৰ ৰ বিষ শোষক বিটা কেৰোটিন আছে গাজৰ , পালেংশাক ,মিঠা আলু । এইবোৰ নিয়মিত কেচাই খালে কেন্সাৰ হোৱাৰ সম্ভাবনা নাথাকে ।
আলু স্বাস্হ্যৰ কাৰনে অপকাৰী নে ? :- আলুৰ বাকলি খালে যিমান উপকাৰ পোৱা যায় , বাকলি গুচাই খালে সিমান অপকাৰ হয় ।
বান্ধাকবি কেচাই খোৱা ভাল :- বান্ধাকবিত প্ৰচুৰ লৌহ থাকে , যি ৰক্তহীনতাৰ কাৰনে উপকাৰী । কিন্তু ৰান্ধি খালে তাৰ সিমান গুন নাথাকে ।
কলপাতৰ ৰস স্বাস্হ্যকৰী :- কলপাতৰ ৰসৰ দ্বাৰা ব্ৰস্কাইটিচ , নেফ্ৰাইটিচ , ৰক্তক্ষৰন ৰোগ ভাল হয় ।
বিলাহী স্বাস্হ্যৰ বাবে উপকাৰী :- বিলাহী এবিধ স্বাস্হ্যকাৰী সুখাদ্য । কিন্তু ইয়াক ৰান্ধি খাব নালাগে । কেচাই খালেহে উপকাৰ পোৱা যায় । ইয়াত শৰীৰ ৰ বাবে প্ৰয়োজনীয় এ বি আৰু চি পোৱা যায় ।
তিলৰ তুলনা নাই :- তিলত প্ৰোটিন ,চৰ্বি, শ্বেতসাৰ , কেলচিয়াম ,ফচফৰাচ আৰু লৌহ থাকে । গতিকে তিল আমাৰ শৰীৰ ৰ কাৰনে অতি অপৰিহাৰ্য খাদ্য ।

0 Comments