আদাৰ গুনাগুন সমূহ কি কি ?
আদাৰ বিভিন্ন ঔষধি গুন আছে । অথৰ্ব দেদতো আদাৰ বিষয়ে উল্লেখ আছে । আদাৰ দ্ধাৰা আমাৰ তিনিটা অগ্নিবল বাঢ়ে । সেইবোৰ হ'ল - অন্তৰাগ্নি, বহিৰাগ্নি,আৰু কায়গ্নি । শুকান আদাৰ আৰু এটা নাম হ'ল বিশ্ব । বৈদিক যুগত এই আদাক কোৱা হৈছিল ভক্ষনকাৰী । আদাৰ ৰসত খোৱা বস্ত্ত সুপাচ্য হয় হজম হয় । সেই কাৰনে মাংসৰ আঙ্জাত আদা বেচি ব্যৱহাৰ কৰা হয় । আদাত লোণ ,ভালাটাইন অইল, পটাচিয়ামৰ বাহিৰেও কিছু ৰাসায়নিক পদাৰ্থ আছে ।
বিভিন্ন ৰোগত আদাৰ প্ৰয়োগ :-
1) বসন্ত - যদি বসন্তৰ সকলো গুটি বাহিৰলৈ ওলাই নাহে , বেদনা হয় , তেতিয়া ২ চামুচ আদাৰ ৰসৰ সৈতে ২ চামুচ তুলসী পাতৰ ৰস মিহলাই ৩ বাৰ খালে বসন্তৰ গুটি ওলাই আহিব ।
2) গ্ৰহনী :- শুকান আদাৰ গুড়ি পানীত মিহলাই প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত খালে উপকাৰ পোৱা যায় ।
3) অক্ষুধা :- খোৱাৰ কিছু সময় আগতে আদা সৰু সৰু কৈ কাটি টুকুৰা কৰি চােৱাই খালে ৰুচি বাঢ়িব ।
4) পানীলগা কাহ :- হঠাতে ঠান্ডা লাগি পানীলগা কাহ হলে এক চামুচ আদাৰ ৰসৰ সৈতে এক চামুচ তুলসী পাতৰ ৰস , এক দুই চামুচ শেৱালি পাতৰ ৰস মিহলাই ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে তিনিদিন খালে পানীলগা কাহ ভাল হয় ।
5) হেকেটি :- ১ কাপ ছাগলীৰ গাখীৰৰ সৈতে ১ চামুচ আদাৰ ৰস হেকেটি উঠাৰ সময়ত খালে লগে লগে হেকেটি দূৰ হয় ।

0 Comments