মানৱ দেহত বিভিন্ন সময়ত বিভিন্ন ধৰনৰ ৰোগ দেখা পাও। তাৰে ৰোগ নিৰ্ণয়ৰ কাৰনে কৰিবলগীয়া পৰীক্ষা সমূহ
শৰীৰৰ উত্তাপ :- শৰীৰৰ তাপ জোখা যন্ত্র হ'ল থাৰ্মোমিটাৰ । এজন সুস্হ ব্যক্তিৰ স্বাভাৱিক তাপ হ'ল ৯৮.৪°। ৯৯° ৰ পৰা ১০১° ডিগ্ৰী পৰ্যন্ত সামান্য জ্বৰ । ১০১° ৰ পৰা ১০৩ ° বেচি জ্বৰ । ১০৩° ৰ পৰা ১০৫° ভীষন জ্বৰ ,১০৫° পৰা ১০৭° সাংঘাতিক জ্বৰ , ১০৭° পৰা ১১০ ° অৱশ্যম্ভাবী মৃত্যু ॥
নাড়ী :- জন্মৰ সময়ৰ পৰা এবছৰ পৰ্যন্ত নাড়ীৰ স্পন্দন প্ৰতি মিনিটত হয় ১২০ পৰা ১৪০ বাৰ । ২ পৰা ৫ বছৰ পৰ্যন্ত ৯০-১০৫ বাৰ , ৬ পৰা ১৫ বছৰ পৰ্যন্ত ৮০- ৯০ বাৰ , ১৬ পৰা ৬০ বছৰ পৰ্যন্ত ৭০-৭৫ বাৰ , বৃদ্ধ বয়সত ৫০ -৬৫ বাৰ ॥
শ্বাস প্ৰশ্বাস :- এবছৰ বয়সৰ শিশুয়ে প্ৰতি মিনিটত ৩০ বাৰ শ্বাস লয় । ২ বছৰ বয়সৰ শিশুয়ে ২৫ বাৰ , ৩ পৰা ১৫ বছৰ বয়স পৰ্যন্ত ২১ ৰ পৰা ২৪ বাৰ ,
নাড়ী শ্বাস প্ৰশ্বাস আৰু তাপৰ সম্পৰ্ক :- সুস্হ শৰীৰৰ তাপমাত্ৰা যেতিয়া ৯৮.৪° থাকিব তেতিয়া নাড়ীৰ গতি হব ৭৫ বাৰ আৰু শ্বাসৰ গতি ২০ বাৰ । তাপ ১০০° হলে নাড়ীৰ স্পন্দন হব ৯১ বাৰ আৰু শ্বাসৰ গতি ২৩ বাৰ ॥
জিভা :- শৰীৰ যদি সুস্হ থাকে তেতিয়া হলে পৰিস্কাৰ আৰু গৰম থাকিব । প্ৰচন্ড জ্বৰ তথা বিকাশৰ সময়ত আৰু স্নায়ুজনিত ৰোগত জিভা শুকান হয় । পেটৰ গন্ডগোল হলে জিভা বগা হয় । পিত্তৰ দোষ থাকিলে জিভা হালধীয়া হয় ।
মল :- সাধাৰনভাবে শিশুসকলৰ ৪ -৫ বাৰ মল ত্যাগ কৰা আৰু ডাঙৰসকলে ৰাতিপুৱা সন্ধিয়া মল ত্যাগ কৰা স্বাভাৱিক । মলৰ বৰ্ন হালধীয়া হব লাগে কিন্তু যদি মলৰ বৰ্ন কলা হয় বুজিব লাগিব পিত্ত বেচি আছে । আৰু কলেৰা হলে মলৰ বৰ্ন চাউল ধোৱা পানীৰ নিচিনা হয় ।
মূত্ৰ :- এজন সুস্হ মানুহৰ সাধাৰনতে ২৪ ঘন্টাত চাৰিৰ পৰা ছয়বাৰ প্ৰস্ৰাব হোৱা উচিত । জন্ডিচ হলে প্ৰস্ৰাবৰ ৰং হালধীয়া হয় । ক্ৰিমি হলে প্ৰস্ৰাবৰ ৰং চুনৰ পানীৰ দৰে হয় ।
বেদনা :- বেদনা যিকোনো ৰোগৰ পূৰ্বাভাস । জ্বৰ বেচি হলে শৰীৰত বেদনা হয় । ফোৰা হলে, মচকা খালে বেদনা হয় । গাৰ আৰু গাঠিৰ যিবোৰ ঠাইত বেদনা হয় , সেইবোৰ ঠাইত চাপ দিলে বেদনা উপশম হয় ।
ঘাম :- সুস্হ শৰীৰ মাত্ৰেই ঘাম ওলায় । ঘাম নোলোৱা বেয়া । আকৌ অতিৰিক্ত ঘাম ওলোৱাতোও বেয়া । জ্বৰৰ পিছত ঘাম ওলালে বুজিব লাগিব জ্বৰ এৰিছে ।


0 Comments