আৱশ্যকীয় কিছু কথা

 আৱশ্যকীয় কিছু কথা 

মানুহৰ সকলোতকৈ ডাঙৰ সম্পদ হ'ল স্বাস্হ্য । যি সকলো সাধাৰনভাৱে মানি চলে তেওঁলোকে জীয়াই থাকে । আমাৰ শৰীৰ সুস্হ ৰাখিবলৈ হলে যিবোৰ ওপৰত বিশেষ দ্ৃস্টি দিব লাগিব সেয়া হ'ল - খাদ্য , পানীয় , বিশ্ৰাম , সুনিদ্ৰা , পোহৰ, মুকলি বতাহ , পোচাক - পৰিচ্ছদ , স্নান  আৰু সংযম । এইবােৰ দিশৰ ওপৰত বিশেষ সাৱধান হোৱাৰ পিছতো যদি  আমাৰ শৰীৰত ৰােগ দেখা দিয়ে তেতিয়াহলে সেই ৰোগ নিৰাময়ৰ কাৰনে গছ লতা প্ৰয়োগ কৰিব লাগে । ইয়াৰ পাছতো যদি ৰোগ অত্যন্ত জটিল হয় তেনেহলে চিকিৎসকৰ পৰামৰ্শ লব লাগে । 

https://educationgkquizassam.blogspot.com/


বয়সৰ হিচাপ মতে আৰু শৰীৰৰ গ্ৰহনীয় ক্ষমতা অনুযায়ী আমি যিমান সম্ভৱ পুস্টিকৰ আৰু লঘুপাচ্য খাদ্য খোৱা উচিত । আহাৰ খোৱাৰ সময়ত পানী নাখাই খোৱাৰ আধাঘন্টা পিছত পানী খাৱ লাগে । অৱশ্যে খাই থকাৰ সময়ত ওচৰত খোৱাপানী লব লাগে ,নহলে খাদ্য গ্ৰহনৰ অসুবিধা হব পাৰে । যদি পেটৰ গোলমাল থাকে তেনেহলে সামান্য উস্ম পানী খাব । যিমানেই বয়স বাঢ়ি যায় , খোৱা খাদ্য সেইভাৱে কমাব লাগে । আমাৰ গ্ৰহনীয় খাদ্য ছয় প্ৰকাৰৰ । যেনে - ১) প্ৰোটিন জাতীয় ২) চৰ্বি জাতীয় ৩) শৰ্কৰা জাতীয় ৪) লেণ জাতীয় ৫) পানী আৰু ৬) ভিটামিন ।  

https://educationgkquizassam.blogspot.com/ 

পানীৰ আন এটা নাম জীৱন । পানী অবিহনে কোনো প্ৰানী জীয়াই থাকিব নোৱাৰে । সকলোৱে বিশুদ্ব পানী পান কৰা উচিত । পানী গৰম কৰি ৰাখি ঠান্ডা হলে খাব লাগে । 

মুকলি বতাহ নাপালে দেহ সুস্হ্য নাথাকে । যি ঘৰত মুকলি বতাহ আৰু পোহৰ নোসোমায় সেই ঘৰ বাসৰ উপযোগী নহয় । 

প্ৰতিদিন যদি কিছু সময় ৰদত থকা যায় , তেতিয়াহলে শৰীৰ নিৰােগী হৈ থাকে ।



প্ৰতিজন সুস্হ মানুহে ৬ পৰা ৮ ঘন্টা শুব লাগে । পিছে ৰোগী আৰু শিশুৰ বাহিৰে কোনেও দিনত শুব নালাগে । 

মল-মুত্ৰ বেচি সময় চেপি ৰাখিব নালাগে । হঠাৎ গৰমৰ পৰা ঠান্ডালৈ আৰু ঠান্ডাৰ পৰা গৰমলৈ যোবা অনুচিত । ইয়াতে শৰীৰৰ ক্ষতি হয় । শাক - পাচলি , ফল-মূল ভালদৰে ধুই খাব লাগে । ৰোগীয়ে ব্যৱহাৰ কৰা কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে । 

    আয়ুৰ্বেদ শাস্ত্ৰ ভেষজ বিজ্ঞানীসকলে খাদ্যক ছয় প্ৰকাৰত ভাগ কৰিছে । সেইবোৰ হ'ল -

      ১। প্ৰোটিন জাতীয় খাদ্য :- এই জাতীয় খাদ্যই শৰীৰৰ তাপ উৎপাদন , দহন ক্ৰিয়া নিয়ন্ত্ৰণ , ক্ষয় পূৰন আৰু দেহৰ আৱশ্যকীয় উপাদান নিৰ্মানত সহায় কৰে । 

২। কাৰ্বোহাইড্ৰেট জাতীয় খাদ্য :- শৰীৰৰ তেজ , কৰ্মক্ষমতা , তাপ উৎপাদনত কাৰ্বোহাইড্ৰেট খাদ্যই বিশেষ ভূমিকা লয় । 

৩। চৰ্বি জাতীয় খাদ্য :- খোৱা বস্ত্ত হজম কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ সকলো কামতে সহায় কৰা আৰু শৰীৰে বৰ্জন কৰা পদাৰ্থ বাহিৰ কৰি দিয়াৰ কাৰনে পানী অতি প্ৰয়োজনীয় । পানী নোহোৱাকৈ প্ৰাণী বাচি থাকিব নােৱাৰে । সেয়েহে কোৱা হয় পানীয়েই প্ৰাণ । 

৪। লোণ :- শৰীৰৰ আৰু প্ৰয়োজনীয় দ্ৰব্য হল লোণ । ইয়াৰ কাৰনে সাধাৰন লোণৰ বাহিৰেও ফল মূল , শাক পাচলি , আদি খাদ্য গ্ৰহন কৰা উচিত । 

৫। ভিটামিন :- এই সকলোবোৰে উপাদানৰ বাহিৰেও শৰীৰৰ কাৰনে আৰু এবিধ প্ৰয়োজনীয় উপাদান হল ভিটামিন । এই ভিটামিনৰ আভাৱত জীৱনী শক্তি দ্ৰত হ্ৰাস পায় ।  শৰীৰৰ দুৰ্বল হৈ পৰে , ৰোগ প্ৰতিষেধক আৰু প্ৰতিৰোধক ক্ষমতা হ্ৰাস পায় । যাৰ ফলত শৰীৰৰ বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । সেয়েহে ইয়াৰ নাম খাদ্য প্ৰান বা ভিটামিন । তলত এই বিষয়ে আলোচনা কৰা হল - 

           ক) ভিটামিন -' '- এই ভিটামিনৰ অভাব হলে কুকুৰীকণা , চকু আৰু কাণৰ ৰোগ , পানীলগা অসুখ , কাহ , নিউমোনিয়া ৰােগ হব পাৰে । পালেং শাক , বিলাহী , ৰঙা আলু , গাজৰ , কেচা মটৰ , বন্ধা কবি , অমিতা লাউ পকা আম সেউজীয়া আৰু হালধীয়া ৰঙৰ শাক পাচলি ফল গাখীৰ মাখন কণী মাছৰ তেল পঠা ছাগলীৰ আগমঙহ খাহী ছাগলীৰ চৰ্বিত এই ভিটামিন থাকে । 


খ) ভিটামিন 'বি' - এই ভিটামিনৰ অভাব হলে অজীৰ্ন , অভোক , কোস্ঠকাঠিন্য , মুখ আৰু জিভাৰ ঘা , বেৰিবেৰি , শিশুৰ ওজন হ্ৰাস , শীৰ্নতা অৰু স্তনত গাখীৰৰ অভাব হয় । বিভিন্ন প্ৰকাৰৰ সেউজীয়া পাচলি বন্ধাকবি পিয়াজ বিলাহী আলু উৰহী চয়াবিন চীনা বাদাম কমলা টেঙা মাছৰ কণী কনীৰ কুহুম পঠা ছাগলীৰ আগমঙহ মাংস চানা প্ৰভৃতিত প্ৰচুৰ পৰিমানে ভিটামিন ব থাকে । 

গ) এই ভিটামিনৰ অভাব হলে স্কাৰ্ভি ৰোগ  হয় । ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায় ।  দাত উঠোতে পলম হয় হাড় টান নহয় শিশুৰ ওজন হ্ৰাস পায় । সকলো ধৰনৰ নেমু টেঙা  অনাৰস কল আপেল পিয়াজ কুহিয়াৰ বিলাহী কেচা মটৰ গাখীৰ দৈ প্ৰচুৰ পৰিমানে ভিটামিন চি থাকে । 


ঘ) ভিটামিন ই - ভিটামিন ই ৰ অভাব হলে গৰ্ভ নস্ট হয় , গভস্হ সন্তান নস্ট হয় । নাৰিকল কল চয়াবিন বাদাম মাংসৰ চৰ্বি মাছৰ তেল মাংস  কণী প্ৰচুৰ পৰিমানে ভিটামিন ই থাকে । 

   যিকোনো ৰোগীৰ চিকিৎসা কৰিবলৈ হলে এই ভিটামিনৰ বাহিৰেও আৰু কিছু নিয়ম মানি চলা উচিত । যেনে - ১) ৰোগী থকা ঘৰ আহল বহল হব লাগে । ঘৰৰ ভিতৰত বাহিৰৰ পোহৰ আৰু মুকলি বতাহ সােমাব পৰা হব লাগে  আৰু সেমেকা হব নালাগে ।


২) ৰোগীয়ে পিন্ধা কাপোৰ আৰু বিছনা পৰিস্কাৰ ৰাখিব লাগে । মাজে মাজে ৰদাব লাগে । ৩) ৰােগীয়ে সেৱাকাৰিৰ পোচাক পৰিস্কাৰ হব লাগে ৪) ৰােগীৰ সেৱাকৰাৰ সময়ত পৰিচৰ্যাকাৰীয়ে যেন পেট খালী নাৰাখে ৫) ৰোগী পৰিচৰ্যাৰ সময়ত প্ৰতিদিন ৰোগীৰ মল মূত্ৰ বমি কাহ নাড়িৰ গতি উত্তাপ শ্বাস প্ৰশ্বাস পথ্য আদিৰ বিষয়ে এখন কাগজত লিখি ৰখা উচিত I 

Post a Comment

0 Comments