নহৰু খোৱাৰ উপকাৰীতাসমূহ

নহৰু খোৱাৰ উপকাৰীতাসমূহ

মানুহৰ শৰীৰ ৰ কাৰনে নহৰু অতি উপকাৰী । নহৰু দুই প্ৰকাৰৰ - এককোষী নহৰু আৰু বহুকোষী নহৰু । এককোষী নহৰু বেচি উপকাৰী । 

          নহৰুত ভিটামিন এ, বি,চি,ডি , কেলচিয়াম, ফচফৰাচ , আয়ৰণ , আয়োডিন আৰু উগ্ৰশক্তিৰ জীৱাণুনাশক শক্তি আছে । 

নহৰুৰ একো একোটি ৰোগৰ ওপৰত পৰীক্ষা নিৰীক্ষাৰ পৰা জনা গৈছে যে বাহ্য প্ৰয়োগত নহৰু ব্যৱহাৰ কৰা হয় । যেনে - বিছাৰ কামোৰ, বৰলৰ কামোৰ আৰু ফোহাত নহৰু প্ৰয়োগ কৰি ভালফল পোৱা যায় । আভ্যন্তৰীণ প্ৰয়োগ , যেনে - পানীলগা কাহ , হাপানী, ডিঙি বুকু জ্বালা কৰা , উচ্চ ৰক্তচাপ , নানা ধৰনৰ চৰ্মৰোগ আদিত নহৰু ব্যৱহাৰ কৰিলে ভালফল পোৱ যায় । 


কেনেদৰে নহৰু খাব - 

তেল বা ঘিউত ভাজি শাক বা তৰকাৰীৰ সৈতে খাব পাৰে , আটা বা ময়দাৰ ভিতৰত নহৰু বাটি দি তাৰে ৰুটি বা লুচি ভাজি খাৱ পাৰে , ছাতুৰ সৈতে নহৰু বাটি খাৱ  পাৰে , গৰম গাখীৰ ৰ লগত নহৰু বটা মিহলাই খাৱ পাৰে ইত্যাদি । 


নহৰুৰ গন্ধ দূৰ কৰাৰ উপায় 

নহৰুৰ বাকলি গুচাই টুকুৰা টুকুৰা কৰি লৈ ৰাতি দৈ বা গাখীৰত তিয়াই ৰাখিব । পিছদিনা খোৱাৰ আগতে পানীত ধুই খাব , তেতিয়া নহৰুৰ গন্ধ নাথাকিব আৰু খাদ্য গুণও বজাই থাকিব । 

বিভিন্ন ৰোগত নহৰুৰ ব্যৱহাৰ - 

১) যৌৱন শক্তি বৃদ্ধি :- নাৰী আৰু পুৰুষ প্ৰত্যেকে যদি প্ৰতিদিন দুই চামুচ আমলখিৰ ৰসৰ সৈতে ২ কোহ নহৰু বাটি খায় , তেতিয়া যৌৱন শক্তি বৃদ্ধি হব । 

২) বাতৰ বেদনা :- প্ৰতিদিন এক কোহ কৈ নহৰু গৰম ভাতৰ সৈতে চোৱাই খালে বা ১০০ গ্ৰাম তেলত ২০ কোহ নহৰু ভাজি সেই তেল মালিচ কৰিলে বাত বেদনা কমে । 

৩) পেটৰ বায়ু :- এক কাপ ঠান্ডা পানীত ৪/৫ টোপা নহৰুৰ ৰস মিহলাই প্ৰতিদিন ৰাতিপুৱা সাত দিন খালে পেটৰ বায়ু জমা বন্ধ হব । 

৪) দেহৰ ক্ষয় :- এক কাপ গাখীৰৰ সৈতে ২/৩ কোহ নহৰু সিদ্ধ কৰি মিহলাই খালে শৰীৰৰ ওজন বৃদ্ধি পাব আৰু ক্ষয় ৰোধ হব । 

৫) গৰু ম'হৰ ঘা বা পোক :- ৮/১০ কোহ নহৰু বাটি ঘা হোৱা ঠাইত লগালে ঘা শুকাই যাব । অন্তত সাত দিন লগাব লাগিব । 

৬)  মূৰৰ বিষ :- মূ্ৰৰ বিষ হলে ১/২ টোপা নহৰুৰ ৰস নাকেৰে উজাই নিলে মূৰৰ বিষ বা কামোৰনি ভাল হয় ।

Post a Comment

0 Comments